এক ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰৈ থকা ট্ৰাকত খুন্দিয়ালে আন এখন ট্ৰাকে, থিতাতে দুজনৰ মৃত্য়ু।
ৰহাত শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।
ৰহাৰ জোঙালবলহু গড়ত সংঘটিত হৈছে এই দুৰ্ঘটনা।
জানিব পৰা মতে, চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা AS 17 B 6871 নম্বৰৰ ট্ৰাকখনত পিচফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে নগাঁও অভিমুখী NL 01AF 4022 নম্বৰৰ আন এখন ট্ৰাকে।
দুৰ্ঘটনাত থিতাতে দুজন লোক নিহত হয় আৰু দুজন আহত হয়। আহত এজনৰ অৱস্থাও অতি সংকট জনক বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে AS 17 B 6871 নম্বৰৰ ট্ৰাকখন যান্ত্ৰিক বিজুতি হোৱাত পথৰ কাষত ৰখাই থৈছিল আৰু মেৰামতিৰ বাবে সমীপৰ দীঘলীআটিৰ পৰা মেকানিক আনি মেৰামতি কৰি থাকোতেই পিচফালৰ পৰা NL 01AF 4022 নম্বৰৰ ট্ৰাকখনে প্ৰচণ্ড খুন্দা মাৰে ফলত মেকানিকসহ ৰৈ থকা ট্ৰাকখনৰ চালকজন নিহত হয়।
নিহত এজনক ৰহাৰ দীঘলীআটিৰ আব্বাছ আলী (৪৫) বুলি জানিব পৰা গৈছে।
আনহাতে আহত এজনৰ নাম জাইহিদ আলী, ঘৰ গোৱালপাৰা বুলি জানিব পৰা গৈছে।
ইপিনে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজন বহু সময় ধৰি ট্ৰাকৰ ভিতৰতে আৱদ্ধ হৈ থাকে।
ৰহা আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।









