অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ।

সোণাৰিৰ অভয়পুৰত সংঘটিত হয় এই দুৰ্ঘটনা।

AS 33 C0357 নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে শিৱসাগৰৰ পৰা সোণাৰি অভিমুখী AS 04 E 0272 নম্বৰৰ বাছখনত সন্মুখৰ পৰা খুন্দিওৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

এই দুৰ্ঘটনাত এটি আঢ়ৈ বছৰীয়া শিশুসহ ২০জন যাত্ৰী গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

আহতসকলক ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

সোণাৰি আৰক্ষী, সেনা বাহিনীৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাৰত উদ্ধাৰ কৰা হয় আহতসকলক।

Leave a Reply

Your email address will not be published. Required fields are marked *