ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত ট্ৰেইলাৰৰ তলত সোমাল বাইক আৰোহী, নিহত এজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত ট্ৰেইলাৰৰ তলত সোমাল বাইক আৰোহী, নিহত এজন।

জাগীৰোডৰ পশ্চিম নগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

AS-21J-5982 নম্বৰৰ এখন মটৰচাইকেলত দ্ৰুতবেগী ডাম্পাৰে প্ৰচণ্ড খুন্দা মৰাৰ ফলত মটৰচাইকেলসহ দুই আৰোহী সোমাই পৰে পথৰ কাষত ৰৈ থকা NL-01AF-5973 নম্বৰৰ এখন ট্ৰেইলাৰৰ তলত।

দুৰ্ঘটনাত থিতাতে নিহত হয় আবুল বাচাৰ নামৰ এজন প্ৰায় ৪০ বছৰীয়া যুৱক ৷

আনহাতে সংকটজনক আৱস্থাত জাগীৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আজাহাৰুদ্দিন নামৰ আন এজন যুৱক।

দুয়োৰে ঘৰ নেলীৰ মাটি পৰ্বতত বুলি জানিব পৰা গৈছে ৷

ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন পলায়ন কৰে ঘটনাস্থলীৰ পৰা।