ভয়ংকৰ পথ দুৰ্ঘটনা! একেটা পৰিয়ালৰে পাঁচজনকৈ লোকে সাৱটিলে কৰুণ মৃত্যুক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত একেটা পৰিয়ালৰে পাঁচজনকৈ লোকে সাৱটিলে কৰুণ মৃত্যুক।

শনিবাৰে জম্মুৰ চাম্বা জিলাৰ মানচাৰৰ ওচৰৰ জামোদাৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয়।

FNEDa2QacAEP2wd
ভয়ংকৰ পথ দুৰ্ঘটনা! একেটা পৰিয়ালৰে পাঁচজনকৈ লোকে সাৱটিলে কৰুণ মৃত্যুক... 3

জানিব পৰা মতে, জেকে ০১ ইউ ২২৩৩ নম্বৰৰ এখন এছ ইউ ভি বাহনত এটা পৰিয়াল শ্ৰীনগৰ অভিমুখে গৈ আছিল।

কিন্তু গাড়ীখন নিয়ন্ত্ৰণহীন হৈ এটা গভীৰ খাদত সোমাই পৰে। যাৰ ফলত পাঁচজন লোক নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়।

FNEDbGlaUAACoJm
ভয়ংকৰ পথ দুৰ্ঘটনা! একেটা পৰিয়ালৰে পাঁচজনকৈ লোকে সাৱটিলে কৰুণ মৃত্যুক... 4

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, পৰিয়ালটোৱে মানচাৰ পথৰে চাম্বাৰ পৰা শ্ৰীনগৰলৈ গৈ আছিল।

মৃত আৰু আঘাতপ্ৰাপ্ত আটাইকেইজন শ্ৰীনগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

আঘাতপ্ৰাপ্ত ব্যক্তিজন গাড়ীখনৰ চালক অনন্তনাগৰ চাকিব বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাটোত নিহত সকলৰ চাৰিজনক গুলজাৰ আহমেদ ভাট, জনা বেগম, মহম্মদ ইকবাল ভাট আৰু মাচৰত জান বুলি চিনাক্ত কৰিছে।

এতিয়ালৈকে পঞ্চমজন ব্যক্তিক চিনাক্ত কৰিব পৰা হোৱা নাই।

Leave a Comment