ভয়ংকৰ দুৰ্ঘটনা! দুখন বাইকৰ মুখামুখি সংঘৰ্ষত ফুটবল খেলুৱৈ মঞ্জিত ৰাভাসহ নিহত দুজন, আহত ২

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱালে দুগৰাকী যুৱকে।

গোৱালপাৰাৰ গজাপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিহত দুগৰাকী হৈছে- ফুটবল খেলুৱৈ মঞ্জিত ৰাভা আৰু শিক্ষক কুৰবান আলী।

আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে আন দুগৰাকী বইক আৰোহী।

আহত দুগৰাকী হৈছে- সৌৰভ ৰাভা আৰু পাৰবিন চুলতানা।

আহত দুজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

নিহত মঞ্জিত ৰাভাৰ ঘৰ বদাহপুৰত আৰু শিক্ষক কুৰবান আলীৰ ঘৰ ছাটাইমাৰীত বুলি জানিব পৰা গৈছে।