ভয়ংকৰ দুৰ্ঘটনা! দলঙৰ ৰেলিং ভাঙি দ’ খাৱৈত পৰিল আৰক্ষীৰ বাহন, আহত মহিলা কনিষ্টবলসহ ৬গৰাকী আৰক্ষী…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দলঙৰ ৰেলিং ভাঙি দ’ খাৱৈত পৰিল আৰক্ষীৰ বাহন।

দুধনৈত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত পতিত পলাশবাৰী থানাৰ আৰক্ষীৰ এটা দলৰ বাহন।

image 100
ভয়ংকৰ দুৰ্ঘটনা! দলঙৰ ৰেলিং ভাঙি দ’ খাৱৈত পৰিল আৰক্ষীৰ বাহন, আহত মহিলা কনিষ্টবলসহ ৬গৰাকী আৰক্ষী... 3

মেঘালয়ৰ ফুলবাৰীৰ পৰা এটা আচামীক লৈ পলাশবাৰীলৈ গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

বাহনখনত আছিল পলাশবাৰী থানাৰ OC, বিজয়নগৰ আৰক্ষী চকীৰ IC আৰু মহিলাসহ ৬গৰাকী আৰক্ষী।

দুৰ্ঘটনাটোৰ ফত পলাশবাৰী থানাৰ OC জিৱেন্দ্ৰ বহ্ম, বিজয়নগৰ থানাৰ IC লাবণ্য বড়ো, হীৰকজ্যোতি বণিয়া (পলাশবাৰী থানা), মাইনুল হক আৰু মহিলা কনিষ্টবল দিপালী বৰা আহত হয়।

image 101
ভয়ংকৰ দুৰ্ঘটনা! দলঙৰ ৰেলিং ভাঙি দ’ খাৱৈত পৰিল আৰক্ষীৰ বাহন, আহত মহিলা কনিষ্টবলসহ ৬গৰাকী আৰক্ষী... 4

লগতে দুৰ্ঘটনাটোৰ ফলত আহত হৈছে আচামী ইদ্ৰিছ আলীও।

আহত সকলৰ মাজত পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে মহিলা কনিষ্টবল আৰু বিজয়নগৰ আৰক্ষী চকীৰ বিষয়াগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।