এক ভয়ংকৰ ঘটনা।
মধ্যাহ্ন ভোজনৰ দাইলত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী কণমানি ছাত্ৰী।
চাবুৱাৰ খাৰজান চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
মধ্যাহ্ন ভোজনৰ সময়তে গৰম দাইলত পৰি আঘাতপ্ৰাপ্ত হয় প্ৰথম শ্ৰেণীৰ ছাত্ৰীগৰাকী।
আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক খাৰজান হাস্পতাললৈ নিয়ে যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
ইয়াৰ পাছতে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।
কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পালে সেই সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।









