বৰপেটা সত্ৰক যিকোনো পৰিস্থিতিতে ৰাখিবই লাগিব- বানৰ পৰা ৰক্ষা কৰাৰ আশ্বাস মন্ত্ৰী পীযুষ হাজৰীকাৰ

শনিবাৰে নামনি অসমৰ ভৱানীপুৰ আৰু বঙাইগাঁৱৰ কেইবাটাও অঞ্চলত বান পৰিস্থিতিৰ বুজ লয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই।

চিৰাং, বাক্সা আৰু বৰপেটা জিলাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জলসম্পদ বিভাগে চলাই থকা খহনীয়া প্ৰতিৰোধৰ কামৰ প্ৰত্যক্ষ বুজ লয় মন্ত্ৰীগাৰকীয়ে।

image 158
বৰপেটা সত্ৰক যিকোনো পৰিস্থিতিতে ৰাখিবই লাগিব- বানৰ পৰা ৰক্ষা কৰাৰ আশ্বাস মন্ত্ৰী পীযুষ হাজৰীকাৰ 3

ইয়াৰ পাছতে মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি বৰপেটা জিলাৰ ঐতিহাসিক বৰপেটা সত্ৰত উপস্থিত হৈ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে।

সত্ৰখনৰ কাষেৰে বৈ যোৱা হাৰিজান নৈৰ বাঢ়নী পানীৰ বানত বুৰ যোৱা সত্ৰখনৰ ভকত বৈষ্ণৱসকলৰ লগত মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰি ভৱিষ্যতে সত্ৰখনক বানৰ পৰা ৰক্ষা কৰাৰ আশ্বাস প্ৰদান কৰে।

image 159
বৰপেটা সত্ৰক যিকোনো পৰিস্থিতিতে ৰাখিবই লাগিব- বানৰ পৰা ৰক্ষা কৰাৰ আশ্বাস মন্ত্ৰী পীযুষ হাজৰীকাৰ 4

বৰপেটা সত্ৰখনক যিকোনো পৰিস্থিতিতে ৰাখিবই লাগিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে- বৰপেটা সত্ৰখনক বানৰ পৰা বচাই ৰাখিবলৈ পৰৱৰ্তী পৰ্যায়ত যিমানখিনি কাম কৰিব লাগে সকলোখিনি ৰাজ্য চৰকাৰে কৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে, বাৰিষাৰ পাছতে তেঁও পুনৰ সত্ৰখনলৈ যাব আৰু পৰৱৰ্তী সময়ত কেনেদৰে, কোন ফালেদি পানী সোমাই সত্ৰখনত বানৰ সৃষ্টি হৈছে সেয়া ভালদৰে চাই উপযুক্ত প্ৰতিৰোধ ব্যৱস্থা হাতত লোৱা হ’ব।