অসমঅসমীয়া

বৃহৎ সাফল্য! মহানগৰীত জব্দ ১৩০ কােটি টকা মূল্যৰ ড্ৰাগছ

নিউজ ডেস্ক। অসম আৰক্ষীৰ ড্ৰাগছ বিৰােধী অভিযানৰ আন এক বৃহৎ সাফল্য।

মহানগৰীৰ পাৰ্শ্বৱৰ্তী সােণাপুৰত জব্দ হ’ল ১৩০ কােটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ।

G01 1

জানিব পৰা মতে, নিশা ২ বজাত মহানগৰ আৰক্ষীৰ এডিচিপি বিবেকানন্দ দাস আৰু সােণাপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ নাথৰ নেতৃত্বৰ চলা এই অভিযানত ML-01-9937 নম্বৰৰ এখন মালবাহী ট্ৰাকৰ পৰা জব্দ কৰা হয় এই ড্ৰাগছখিনি।

নাজিৰাখাটস্থিত টোলগেটত এই অভিযান চলাইছিল আৰক্ষীয়ে।

photo 2022 03 16 10 48 40 2

জানিব পৰা মতে, মণিপুৰৰ পৰা গুৱাহাটীত উপস্থিত হৈছিল এই ট্ৰাকখন।

এই ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে দুজনক আটক কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছৰ ভিতৰত আছে ৪.৬ লাখ য়াবা টেবলেট, ১২ কিলাে মেটাম্ফেটামাইন, ১.৫ কিলােগ্ৰামা হেৰােইন।

photo 2022 03 16 10 48 40 3

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ এই বৃহৎ সাফল্যৰ কথা টুইটযােগে প্ৰকাশ কৰিছে।

লগতে চাওকঃ

শােকাৱহ! তীব্রবেগী আল্ট্ৰা বাছৰ খুন্দাত বিজেপি নেত্ৰীসহ দুই স্কুটি আৰোহীৰ মৃত্যু

G9 2

Leave a Reply

Your email address will not be published. Required fields are marked *