অসম

বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহকাৰী…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছ।

এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে পুৱা নামতোলা আৰক্ষী থানাৰ অ’ চি অভিজিত ডেকাৰ নেতৃত্বত অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, নামতোলাৰ নাগালেণ্ড সীমান্তত হাতীকেম্প অঞ্চলৰ তৰুণ বৰগোহাঁইৰ পুত্ৰ ৰমেন বৰগোঁহাইৰ জিম্মাৰ পৰা অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।

অভিযানকাৰী দলটোৱে ড্ৰাগছ ব্যৱসায়ীজনৰ জিম্মাৰ পৰা অভিযান চলাই প্ৰায় ১.৮ গ্ৰাম ড্ৰাগছ আৰু ড্ৰাগছ বিক্ৰী কৰাত ব্যৱহৃত বহু সংখ্যক পাত্ৰ, চিৰিঞ্জ, ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা কাগজ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰি নামতোলা আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৪৪/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে অবৈধ বেহা-বেপাৰৰ ৰমৰমীয়া ঘাটিলৈ পৰ্যবসিত হৈছে অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী নামতোলা অঞ্চল।

অঞ্চলটোত একাংশ ব্যৱসায়ীয়ে বিভিন্ন পক্ষক মেনেজ কৰি নিষিদ্ধ ড্ৰাগছৰ সমান্তৰালভাৱে অবৈধ সুৰা, ভাং,কাণি, নিচাযুক্ত টেৱলেট আদি ব্যৱসায় অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *