অসম

বি এছ এফৰ অভিযান জব্দ ২০টাকৈ চোৰাং ম’হ…

ৰাজ্যত অব্যাহত আছে গৰু ম’হৰ চোৰাং ব্যৱসায়।

এইবাৰ বি এছ এফৰ অভিযান জব্দ ২০টাকৈ চোৰাং ম’হ।

গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বিএছএফে শনিবাৰে নিশা বৰাকৰ কাটিগৰা সমষ্টিৰ গুমৰা বজাৰৰ পাইকানৰ পৰা ২০ টা চোৰাং ম’হ জব্দ কৰিবলৈ সক্ষম হয়।

বিএছএফৰ শিলচৰ চেক্টৰৰ এক নম্বৰ বেটেলিয়নৰ দলে পাইকান গাৱত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় এই ২০টাকৈ চোৰাং মহ’।

জব্দ কৰা ম’হ কেইটাৰ ১৪ জনী মাইকী আৰু ৬টা মতা বুলি সদৰী কৰিছে বিএছএফে৷

নিশা চোৰাং ভাবে বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে ম’হ কেইটা পাইকানত ৰখা হৈছিল বুলি সন্দেহ বিএছএফৰ৷

জব্দকৰা ম’হ কেইটাৰ মুল্য ১৫ লাখ ২০ হাজাৰ টকা হব বুলি দাবী কৰিছে বিএছএফে৷

পিচত জব্দ কৰা ম’হ কেইটা স্হানীয় গুমৰা আৰক্ষীক চমজাই দিয়ে বিএছএফে৷

Leave a Reply

Your email address will not be published. Required fields are marked *