নিউজ ডেস্ক। সন্মুখত পৌৰ সভাৰ নিৰ্বাচন। ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান।
প্ৰতিশ্ৰুতিৰ বন্যা নমাই ভোটাৰক প্ৰলোভিত কৰাৰ অলপো ক্ৰুটি ৰখা নাই দলীয় নেতাৰ। সমান্তৰালভাৱে তীব্ৰ গতিত চলিছে বিপক্ষক আক্ৰমণ-প্ৰত্যাক্ৰমনৰ ৰাজনীতি।
নিজ দলৰ প্ৰাৰ্থীৰ হৈ হাউলীত পৌৰ সভা নিৰ্বাচনৰ প্ৰচাৰ চলাই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা।

হাউলী পৌৰসভাৰ ২নং ৱাৰ্ডৰ বিজেপি প্রার্থী অঞ্জলি দত্ত চৌধুৰী আৰু ৩নং ৱাৰ্ডৰ প্ৰাৰ্থী ববিতা তালুকদাৰৰ হৈ প্ৰচাৰ চলাই কংগ্রেছক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে বিজেপি নেতাগৰাকীয়ে।
বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰৰ দিনত সৰ্বত্ৰে উন্নয়ন সম্ভৱ হৈছে বুলি দাবী কৰি তেওঁ কয়, কংগ্ৰেছ তথা অন্যান্য বিৰোধীয়ে সদায় বেয়া কথা চিন্তা কৰি থাকে।
সেয়েহে ৰাজ্য বা দেশৰ উন্নতিৰ দিশবোৰ তেওঁলোকে দেখা নাপায়।
বিজেপি নেতাগৰাকীয়ে কয়, “বিৰোধীয়ে ক’লা চশমা পিন্ধি আছে আৰু সেই চশমাৰে সদায় ক’লা দেখে, পোহৰ নেদেখে। ৰাস্তা-ঘাটেই হওক, হাস্পতালেই হওক, আমি অসংখ্য উন্নয়নমূলক কাম কৰিছো। নিৰ্বাচনত হাৰি গ’লে বিৰোধীয়ে জ্ঞান লাভ কৰিব।”
বৰপেটা জিলাৰ লগতো হাউলী পৌৰ সভা নিৰ্বাচনতো বিজেপিয়ে বিপুল ভোটত জয়লাভ কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে ভুৱনেশ্বৰ কলিতাই। তদুপৰি মাজুলীৰ উপ-নিৰ্বাচনতো বিজেপি বিপুল ভোটত জয়ী হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য আগবঢ়ায় বিজেপিৰ সাংসদগৰাকীয়ে।









