অসম

বিহু মঞ্চত অঘটন! গীত পৰিৱেশন কৰি থকাৰ সময়তে আঘাতপ্ৰাপ্ত হ’ল কণ্ঠশিল্পী জুবলী

বিহু মঞ্চত গীত পৰিৱেশন কৰি থকাৰ সময়তে আঘাতপ্ৰাপ্ত হ’ল কণ্ঠশিল্পী জুবলী।

মঞ্চত গীত গাই থাকোতেই জুবলীৰ মূৰত পৰিল লাইট।

উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ বিহু মঞ্চত সংঘটিত হয় এই ঘটনা।

গায়িকাগৰাকীয়ে প্ৰথমতে বিশেষ অসুস্থ অনুভৱ কৰা নাছিল যদিও পিছলৈ মূৰত লাইট পৰা অংশ ফুলি উঠে আৰু বিষ অনুভৱ কৰে।

ইয়াৰ পাছতে অসুস্থ জুবলীক নাৰায়ণা হাস্পতালত ভৰ্তি কৰা হয়।

মূৰত আঘাত পোৱা কণ্ঠশিল্পী জুবলীক চিকিৎসকে যাৱতীয় পৰীক্ষা কৰে। পৰীক্ষাৰ অন্তত আঘাত গুৰুতৰ নহয় বুলি কৈ চিকিৎসকে ঘৰলৈ আহিবলৈ দিয়ে যদিও সৰ্ম্পূন বিপদমুক্ত হোৱা নাই জুবলী।

দুটা দিন সম্পূৰ্ণ নিৰীক্ষণত থাকিব লাগিব জুবলী।

আঘাত পোৱা অংশ এতিয়াও ফুলি থকা আৰু বিষ হৈ থকাৰ বাবে চিকিৎসকে দুটা দিন নিৰীক্ষণত থকাৰ পৰামৰ্শ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *