অসম

বিহুৰ SOPৰ বিৰোধিতা কৰা সকলক অসম বিৰোধী আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহুৰ এছ অ’ পিৰ বিৰোধিতা সকলৰ প্ৰতি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বিহুৰ এছ অ’ পিৰ বিৰোধিতা কৰা সকলক অসম বিৰোধী আখ্যা দিয়ে মুখ্য মন্ত্ৰী শৰ্মাই।

৩১ ডিচেম্বৰত কভিড কিমান আছিল,এতিয়া কিমান? যোৱা বছৰ আমি বিহু পাতিব দিছিলো new year পাতিব দিয়া নাছিলোঁ।

আমি জীৱন আৰু জীৱিকা দুটাত ৰক্ষা কৰিবলৈ চেষ্টা কৰিছো। লকডাউন নিদিয়াকৈ চলিবলৈ চেষ্টা কৰিছো।

ভেলাঘৰত যদি অসমীয়া মানুহৰ কভিড নহয় বুলি নিশ্চিতি দিব পাৰে তেনেহ’লে sop উঠাই দিম।

যিসকল নেতা মন্ত্ৰীয়ে বৰভোজ কৰিছে তেওঁলোকে বেয়া কাম কৰিছে। “মই কালি মন্ত্ৰীকো কৈছো।”

আচলতে বৰভোজত মাছ খুৱালে নে বিহ খুৱালে বুলিও প্ৰতিক্ৰিয়া।

SOP ৰ সময়সীমা বিশেষভাৱে উৰুকাৰ দিনাখনৰ বাবে নিশা ১১ টাৰ পৰা পুৱা ৪ বজালৈ শিথিল কৰা হৈছে।

আনহাতে, ক’ভিড সংক্ৰমণক সম্পৰ্কে মন্তব্য প্ৰকাশ কৰি মুখ্য মন্ত্ৰী শৰ্মাই আগন্তুক ৪০-৪৫ দিন অসমৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ হ’ব বুলি কয়।

এই সময়ছোৱাৰ ভিতৰত দৈনিক ১২,০০০-ৰ পৰা ১৪,০০০ লোক ক’ভিড সংক্ৰমিত হ’ব পাৰে বুলিও মুখ্যমন্ত্ৰীয়ে আশংকা ব্যক্ত কৰে।

বৰ্তমানলৈ ৰাজ্যৰ হস্পিটেলত বিছনাৰ অভাৱ হোৱা নাই যদিও বিচনাৰ সংখ্যা কমি গ’লে ল’কডাউন দিবলগীয়া হ’ব পাৰে বুলিও মুখ্যমন্ত্ৰীয়ে ইংগিত দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *