অসম

বিশ্ব গঁড় দিৱসৰ দিনাই বিটিচিত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পন…

বিশ্ব গঁড় দিৱসৰ দিনাই বিটিচিত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পন।

কোকৰাঝাৰ জিলাৰ ৰাইমোনাত আত্মসমৰ্পন কৰে চোৰাং চিকাৰীসকলে।

242099163-384056239865936-6360081019579941755-n

ৰাইমোনা ৰাজহুৱা প্ৰেক্ষাগৃহত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত আয়োজিত এক অনুষ্ঠানত আত্মসমৰ্পন কৰে চোৰাং চিকাৰী সকলে।

241507151-384056093199284-6003528761719795873-n

চোৰাং চিৰাকী সকলে আত্মসমৰ্পন কৰা সময়ত ৪০ টা বন্দুক, গুলি-বাৰুদৰ লগতে হাতীৰ দাঁত আদি অৰ্পন কৰে।

চোৰাং চিকাৰী সকলে মূল সূতিলৈ উভতি অহা কাৰ্য্যক বিটিচি প্ৰধান প্ৰমোদ বড়োৱে উচ্চ প্ৰশংসা কৰে।

লগতে ভবিষ্যতে এইসকল লোকৰ সংস্থাপনৰ বাবেও বিটচি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে, ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানখনৰ স্বাৰ্থত বিটিচি চৰকাৰৰ আহ্বানত চোৰাং চিকাৰী সকলে আত্মসমৰ্পন কৰি মূল সূতিলৈ উভতি আহে।

Leave a Reply

Your email address will not be published. Required fields are marked *