অসমঅসমীয়া

বিশ্ববিদ্যালয়লৰ পুখুৰীত সলিল সমাধি অধ্যাপক দম্পতীৰ ৯ বছৰীয়া একমাত্ৰ পুত্ৰৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

পাঠশালা স্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পুখুৰীত সলিল সমাধি ৯ বছৰীয়া শিশুৰ।

শনিবাৰে পুৱা ৯.৩০ মান বজাত সংঘটিত হয় এই কৰুণ ঘটনা।

জানিব পৰা মতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ ৰুবুল পাটগিৰি আৰু তেওঁৰ পত্নী ড০ গীতালি পাটগিৰিয়ে শুকুৰবাৰে মাঘ বিহু উপলক্ষে নিজৰ ন বছৰীয়া একমাত্ৰ পুত্ৰ প্ৰত্যুষ আকাশৰ সৈতে পাঠশালাৰ লাচিত নগৰৰ স্থায়ী গৃহলৈ আহিছিল।

G1

কিন্তু দুৰ্ভাগ্যক্ৰমে দেওবাৰে শিশুটি হঠাৎ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদত থকা পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে।

জানিব পৰা মতে, বিশ্ববিদ্যালয়ৰ সুৰক্ষা কৰ্মীয়ে শিশুটিক পুখিৰীৰ পৰা উদ্ধাৰ কৰাৰ পূৰ্বে মৃত্যু ঘটে।

পৰিয়ালৰ লোকৰ অজ্ঞাতে ঘৰৰ পৰা ওলাই আহিছিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদত থকা পুখুৰীলৈ, যাৰ ফলত এই শােকাৱহ ঘটনা সংঘটিত হয়।

আবেলি পাঠশালাৰ জ্যোতিনগৰৰ ৰাজহুৱা শ্মশানত প্ৰত্যুষৰ শেষকৃত্য সম্পন্ন কৰা হয়।

এই ঘটনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে বৃহত্তৰ পাঠশালা অঞ্চলত শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

কঠােৰ আৰক্ষী! ক’ভিডৰ ভেকচিন নোলোৱা যাত্ৰীক বাছৰ পৰা নমালে আৰক্ষীয়ে, বিহিলে জৰিমনা

G5

প্ৰেমিকক বিচাৰি অবৈধভাৱে কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ প্ৰেয়সীৰ, তাৰ পাছত…

G3

Leave a Reply

Your email address will not be published. Required fields are marked *