অসম

বিশ্বনাথত উদ্ধাৰ নিমাতীঘাটৰ নাও দুৰ্ঘটনাত নিখোজ হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ…

অৱশেষত উদ্ধাৰ হ’ল নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ।

বিশ্বনাথত উদ্ধাৰ হৈছে নিখোজ ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ।

কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ বনকর্মীসকলে শনিবাৰে পুৱা উদ্ধাৰ কৰিছে মৃতদেহটো।

নদীৰ বালিচৰত লাগি আছিল মৃতদেহটো।

উমাইতুমুনি নদীদ্বীপৰ পৰা পূৱ দিশত কিছু নিলগত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত ভাছা টাপুত উদ্ধাৰ হৈছে মৃতদেহটো৷

উদ্ধাৰ হোৱা মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰিছে পৰিয়াল তথা আৰক্ষীৰ লোকে।

সোঁ হাতত থকা আঙুঠিৰ পৰা চিনাক্ত কৰিছে পৰিয়ালৰ লোকে।

শুক্ৰবাৰে ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰাৰ এটা বেগ সেই ঠাইতে উদ্ধাৰ কৰা হৈছিল।

উল্লেখ্য যে, নিমাতীঘাট নাও দুৰ্ঘটনাত পত্নীক ৰক্ষা কৰি আন যাত্ৰীক উদ্ধাৰ কৰিবলৈ গৈ নিখোজ হৈ পৰিছিল ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *