অসমঅসমীয়া

বিশেষভাৱে সক্ষম অসমৰ গৃহৰক্ষী জোৱানলৈ সৰ্বভাৰতীয় বিৰল সন্মান…

নিউজ ডেস্ক। ডিব্ৰুগড় জিলাৰ সুদক্ষ কৰ্মপটু গৃহৰক্ষী জোৱান চেন মেক নায়াৰলৈ সৰ্বভাৰতীয় এংলো ইণ্ডিয়ান এছচিয়েচনে “দ‍্য ড্ৰাইভাৰ কেৰল এৱাৰ্ড” ৰ বিৰল সন্মান আগবঢ়ােৱা হৈছে।

খাকী পোছাকধাৰী এজন অসাধাৰণ ব‍্যক্তি হিচাপে তেওঁ ইতিমধ্যে বিশেষ চৰ্চা লাভ কৰিছে।

photo 2022 03 13 12 18 59

চুটি চাপৰ মানুহজনৰ মুখত অনবৰতে লাগি থাকে হুইচেলটো।

বিশেষ ভাবে সক্ষম লোকজনে ৰ’দ বৰষুণ নেওচি পালন কৰি গৈছে যান বাহন নিয়ন্ত্ৰণৰ দায়িত্ব।

সুদীৰ্ঘ দিন ধৰি বিনা পাৰিশ্ৰমিকেৰে সেৱা আগবঢ়াই অহা এই ব‍্যক্তি গৰাকীয়ে সেহতীয়াকৈ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছিল।

p1 12

শেহতীয়াকৈ তেওঁক অসম আৰক্ষীয়ে গৃহৰক্ষী জোৱান হিচাপে নিযুক্ত কৰিছে।

সৰ্বভাৰতীয় সন্মান লাভ কৰাৰ পিছতেই তেওঁৰ মাতৃ তথা সমগ্ৰ পৰিয়াল আৰু তেওঁৰ দুচকুৰে বাগৰিছে আনন্দৰ অশ্ৰু।

তেখেতৰ কণ‍্যাই কয় যে পিতৃৰ কামক লৈ তেওঁলোক সদায়ে আনন্দিত আৰু শেহতীয়াকৈ লাভ কৰা সন্মানৰ বাবে দেউতাকক লৈ অনুভৱ কৰিছে যথেষ্ট গৌৰৱ।

লগতে চাওকঃ

৩ বছৰীয়া প্ৰেম, ৪ বছৰীয়া বৈবাহিক জীৱনৰ কৰুণ পৰিসমাপ্তি! স্বামীৰ বন্দুকৰ গুলীত মৃত্যু গৰ্ভৱতী পত্নীৰ

G2 21

Leave a Reply

Your email address will not be published. Required fields are marked *