বিশিষ্ট সাহিত্যিক, গৱেষক ড০ প্রফুল্ল মহন্তৰ দেহাৱসান…

বিশিষ্ট সাহিত্যিক, গৱেষক ড০ প্রফুল্ল মহন্তৰ দেহাৱসান।

দীৰ্ঘদিন ধৰি অসুস্থ আছিল লেখক, সাহিত্যিকগৰাকী।

আজি পুৱতি নিশা প্ৰায় ২ বাজি ৫০ মিনিটত GMCH ত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে।

মৃত্যুৰ সময়ত মহন্তৰ বয়স আছিল প্ৰায় ৮২ বছৰ।

বিগত কিছু দিন ধৰি উশাহ নিশাহৰ সমস্যাত ভুগি আছিল শিক্ষাবিদ গৰাকীয়ে।

জনজাতীয়, জনগোষ্ঠীয় ভাষা আৰু সাহিত্য-সংস্কৃতিৰ গৱেষণাৰে অসমৰ সমাজ জীৱনলৈ অনৱদ্য অৱদান আগবঢ়োৱা বিশিষ্ট গৱেষক গৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

১৯৪১ চনত নগাঁৱৰ জাজৰিত জন্ম গ্ৰহণ কৰা ড০ মহন্তৰ শিক্ষাবিদ হিচাপেও আন এক পৰিচয় আছে।

এসময়ত আনন্দৰাম বৰুৱা ভাষা, কলা-সংস্কৃতি সন্থাৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰা ড০ প্ৰফুল্ল মহন্তৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ’ল ”অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস”।

মৃত্যুৰ সময়ছোৱাত তেওঁৰ পত্নীৰ লগতে দুজন পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তানক এৰি থৈ গৈছে।

জানিব পৰা মতে তেওঁৰ নশ্বৰ দেহ শেষকৃত্য সম্পন্ন কৰা নহয়।

বৰঞ্চ নশ্বৰ দেহ দান কৰাৰ বাবে বাসগৃহৰ পৰা তেওঁৰ নশ্বৰ দেহ GMCH লৈ লৈ যোৱা হ’ব।