
বিশিষ্ট সত্ৰীয়া তথা ওডিছী নৃত্য পটীয়সী গৰিমা হাজৰিকাৰ পৰলোক…
বিশিষ্ট সত্ৰীয়া তথা ওডিছী নৃত্য পটীয়সী গৰিমা হাজৰিকাৰ পৰলোক।
মহানগৰীৰ উলুবাৰীস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে গৰিমা হাজৰিকা।
৮৩ বছৰত বয়সত শেষ নিশ্বাস ত্যাগ বিশিষ্ট শিল্পীগৰাকীৰ।
বৃহস্পতিবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত মৃত্যু শিল্পীগৰাকীৰ।
২০০৬ত সংগীত-নাটক একাডেমী বঁটাপ্ৰাপক আছিল প্ৰয়াত গৰিমা হাজৰিকা।

হাজৰিকাই ৰচনা কৰিছিল কেইবাখনো নৃত্য-নাটিকা।
তেওঁ ৰচনা কৰা ‘চেতনা’ নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছিল বিশেষ সমাদৰ।
গুৱাহাটী মহানগৰীত গৰিমা হাজৰিকাই মিতালী কলাকেন্দ্ৰ স্থাপন কৰি সত্ৰীয়া আৰু ওডিছী নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল।
অসমৰ ভ্ৰাম্যমাণ জগতৰ নৃত্য নাটিকাৰ ক্ষেত্ৰটো গৰিমা হাজৰিকাই আনিছিল আমূল পৰিৱৰ্তন
১৯৩৯ চনত গুৱাহাটীৰ উজানবজাৰত জন্মগ্ৰহণ কৰিছিল গৰিমা হাজৰিকাই।





