অসম

বিশিষ্ট সত্ৰীয়া শিল্পী, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক জগন্নাথ বায়নৰ ইহলীলা সম্বৰণ…

বিশিষ্ট সত্ৰীয়া শিল্পী, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বৰপেটাৰ জগন্নাথ বায়নৰ ইহলীলা সম্বৰণ।

আজি সন্ধিয়া প্ৰায় ৮ বাজি ২০ মিনিটত শিল্পীগৰাকীৰ দেহাৱসান ঘটে।

অসমৰ পৰম্পৰাগত খোল বাদ্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ স্বীকৃতিস্বৰূপে সংগীত নাটক একাডেমীয়ে ২০১৭ বৰ্ষৰ একাডেমী বঁটা আগবঢ়াইছিল বিশিষ্ট শিল্পীগৰাকীক।

সত্ৰীয়া শিল্পীগৰাকী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগৰ বাবে শয্যাশায়ী হৈ আছিল।

বৰপেটা সত্ৰৰ দৈনন্দিন সেৱায়িত কাৰ্যৰ সৈতে জড়িত জগন্নাথ বায়নে খোলটোকেই সংগী কৰি সত্ৰনগৰী বৰপেটাৰ পৰা আৰম্ভ কৰিছিল বিশ্বমুখী যাত্ৰা৷ 

শিল্পীগৰাকীয়ে গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰতে ওৰেটো জীৱন উছৰ্গা কৰি আহিছিল৷ 

শিল্পীগৰাকী মৃত্যুৰ বাতৰি পোৱাৰ পিছতেই সত্ৰনগৰী বৰপেটাত শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *