বিশিষ্ট অভিনেতা জয়ন্ত দাসক আৰক্ষীৰ বাহনৰ চালকৰ দুৰ্ব্যৱহাৰ, মুখ্যমন্ত্ৰী নিৰ্দেশত গ্ৰেপ্তাৰ চালক…

সাধাৰণ জনতাৰ প্ৰতি আৰক্ষী-প্ৰশাসনৰ ব্যৱহাৰ নম্ৰ কৰিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দোষীৰ বিৰুদ্ধে কঠোৰ হৈ সাধাৰণ লোকে কোনো কাৰণত দুটা গালি পৰিলেও বিনম্ৰতাৰে শুনিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। কিন্তু মুখ্যমন্ত্ৰীৰ এই আহ্বানক ধোঁৱাচাঙত তোলা আৰক্ষীৰ এজন বাহন চালকৰ আচৰণে এতিয়া ক্ষুণ্ণ কৰিছে বহুতকে।

জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে নিজৰ ফেচবুক একাউণ্টত শ্বেয়াৰ কৰিছে তেওঁৰ সৈতে বৃহস্পতিবাৰে ঘটি যোৱা এক তিক্ত অভিজ্ঞতা। তাৰ পিছতে সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত হৈ পৰিছে এই বিষয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ হস্তক্ষেপো বিচাৰিছে বিভিন্নজনে।

ফেচবুকত এক ভিডিঅ’যোগে নিজৰ তিক্ত অভিজ্ঞতা সদৰী কৰি অভিনেতা জয়ন্ত দাসে কোৱা মতে, বৃহস্পতিবাৰে সন্ধিয়া তেওঁ স্কুটাৰ লৈ বজাৰ কৰিবলৈ গৈছিল উজান বজাৰলৈ।

বজাৰৰ পৰা উভতি অহাৰ সময়ত তেওঁ দেখে যে এখন মাংসৰ দোকানৰ সন্মুখত এখন আৰক্ষীৰ বাহন ৰৈছে। তাৰ পৰা এগৰাকী মহিলা আৰক্ষী আৰু এজন পুৰুষ আৰক্ষীয়ে মাংস ক্ৰয় কৰিছে। একে সময়তে বাহনখনৰ কাষত থিয় হৈ আছে আন এজন আৰক্ষী জোৱান।

আৰক্ষী বাহনৰ কাষত ৰৈ সেই সময়ত চাধা মাৰি থকা জোৱানজনক দেখি আগবাঢ়ি যায় অভিনেতা জয়ন্ত দাস। অতি বিনম্ৰতাৰে মুখত হাঁহি এটা লৈ ৰসিক সুৰেৰে তেওঁ কয়- আৰক্ষীৰ পোছাক পিন্ধি এনেদৰে চাধা মাৰি থাকিলে ভাল নেদেখি।

অভিনেতাগৰাকীয়ে এই কথা কোৱাৰ লগে লগে গাড়ীৰ পৰা নামি আহি বাহন চালকজনে অকথ্য ভাষাৰে গালি-গালাজ কৰি আঙুলি টোঁৱাই অভিনেতাগৰাকীক খেদি আহে। যাৰ বাবে উপায়ন্তৰ হৈ নতশিৰ কৰি সেই স্থানৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয় জ্যেষ্ঠ অভিনেতাগৰাকীয়ে।

অৱশ্যে সেই সময়ত খাকী পোছাক পিন্ধি চাধা মাৰি থকা আৰক্ষী জোৱানজনে নিজৰ ভুল মানি লোৱা বুলিও মন্তব্য কৰে জয়ন্ত দাসে।

কিন্তু আৰক্ষীৰ বাহন চালক হৈও নিজকে উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া বুলি ভৱা সেই চালকজনৰ আচৰণে মৰ্মাহত কৰে অভিনেতাগৰাকীক। ফেচবুকত তেওঁ প্ৰশ্ন কৰে- সাধাৰণ মানুহে আৰক্ষীৰ ভুল বিনম্ৰতাৰে আঙুলিয়াইও দিব নোৱাৰে নেকি?

জ্যেষ্ঠ অভিনেতাগৰাকীয়ে অতি আক্ষেপেৰে বৰ্ণনা কৰা তেওঁৰ এটা সন্ধিয়াৰ এই তিক্ত অভিজ্ঞতাই ক্ষুণ্ণ কৰিছে বহুতকে।

ইফালে এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত বাহন চালকজনক।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে চালক তাহেৰ আলীক।

জনতা আৰু আৰক্ষীৰ মাজত সুসম্পৰ্ক গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী কৰি থকা অহৰহ প্ৰচেষ্টাৰ মাজত অভিনেতা গৰাকীৰ সৈতে ঘটা এনে ধৰণৰ ঘটনাই তিক্ততা আনিব বুলিও মন্তব্য কৰিছে বিভিন্নজনে।