বিধ্বংসী অগ্নিকাণ্ড! চিলিণ্ডাৰ বিস্ফোৰণ হৈ সম্পূৰ্ণৰূপে ভস্মীভূত হ’ল এখন হোটেল…

বকোত ভয়ংকৰ অগ্নিকাণ্ড।

বকো থানাৰ সমীপতে সংঘটিত হয় এই অগ্নিকাণ্ড।

হোটেল ধনীষ্ঠাত লাগে প্ৰথমে জুই।

পিছত হোটেল ধনীষ্ঠাৰ কাষৰ লোহাৰ জালাই দিয়া দোকানলৈও সম্প্ৰসাৰণ ঘটে জুইৰ।

গেছ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ কৰা হৈছে।

অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় হোটেল ধনীষ্ঠা।

ঘটনাস্থলীত উপস্থিত হয় দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন।

অৱশেষত নিৰ্বাপন কৰা হয় জুই।