মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ভয়ংকৰ প্ৰৰোচনামূলক মন্তব্য।
মুকলি সভাতে জনজাতি ৰাইজক হিংসাত্মক কামৰ বাবে উচটনি
উচ্ছেদ কৰিবলৈ যোৱা বনকৰ্মীক দা, যাঠি লৈ আক্ৰমণ কৰাৰ লগতে বিষয়াক টুকুৰা-টুকুৰকৈ কাটি পেলাবলৈ আহ্বান বিধায়কগৰাকীৰ।
লগতে ৰাইজক বলপূৰ্বকভাৱে বন বিভাগৰ ভূমি দখল কৰিবলৈও আহ্বান জনায় বিধায়কগৰাকীয়ে।
তিৱা যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এই মন্তব্য কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে।
জনজাতি লোক সকলক উদ্দেশী ৰমাকান্ত দেউৰীয়ে কয় যে- ‘আমাৰ ভূমি পুত্ৰ সকলে বন বিভাগৰ দখল কৰা মাটিত যদি বন বিভাগৰ লোক সকলে আহি উচ্ছেদ কৰে বা জোৰ কৰি উঠাই দিবলৈ আহিলেও আমি তাতে থাকিব লাগিব। বন বিভাগৰ লোক সকলে উচ্ছেদ কৰিবলৈ আহিলে মহিলা সকলে জাঠি জোং লৈ বন বিভাগৰ বিষয়া সকলৰ বুকুতে মাৰি দিব লাগে।
তেওঁ লগতে কয়- সেই মাটিবোৰ আমাৰ ককা আজু ককাই উলিয়াই থৈ যোৱা মাটি। তাত এতিয়া বন বিভাগৰ লোক সকলে নিজৰ নাম দি নিজৰ বুলি কৈছে। তেওঁলোকে নিজৰ নাম দি আমাক উচ্ছেদ কৰিছে। আমাক খেদিবলৈ তেওঁলোক কোন।
তেওঁ কয়- আমি ভূমি পুত্ৰ। সেয়া আমাৰে মাটি। বন বিভাগে জোৰ কৰাটো কোনো আইন নহয়। আমি জোৰ জবৰদস্তি তাত থাকিবই লাগিব।









