বিধায়ক তৰংগ গগৈ অসম ক্ৰিকেট সন্থাৰ নতুন সভাপতি…

বিধায়ক তৰংগ গগৈ অসম ক্ৰিকেট সন্থাৰ নতুন সভাপতি।

সন্থাৰ সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ’ল বিধায়কগৰাকী।

সন্থাৰ সভাপতি পদৰ বাহিৰেও আন পদৰো হয় নিৰ্বাচন।

আলোচনাৰ মাধ্যমেৰেই সম্পন হ’ল বিষয়া বাছনি।

অসম ক্ৰিকেট সন্থাৰ আগন্তুক ২০২৩-২৫ কাৰ্যকালৰ বাবে অহা ২৭ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অৱশেষত এই নিৰ্বাচন বাতিল হৈছে।

নিৰ্বাচনৰ বাবে ২১ নৱেম্বৰ মনোনয় পত্ৰৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছিল আৰু ২২ নৱেম্বৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছিল।

বিধায়ক গগৈয়ে গৃহ জিলাৰ পৰিৱৰ্তে গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰতিনিধি হিচাপে এই নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছে।

সভাপতি পদৰ বাবে গগৈয়ে মনোনয়ন দাখিল কৰে যদিও তেওঁৰ বিৰুদ্ধে আন কোনো প্ৰাৰ্থীয়ে মনোনয়পত্ৰ দাখিল নকৰে।

একেদৰে সম্পাদক পদৰ বাবে বৰ্তমানৰ কোষাধ্যক্ষ ত্ৰিদিপ কোঁৱৰ আৰু পূৰ্বৰ ৰঞ্জী ক্ৰিকেটাৰ ৰাজেশ বৰাই প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল যদিও অন্তিম মুহূৰ্তত ব্যক্তিগত অসুবিধাৰ কথা দোহাৰি ৰাজেশ বৰাই মনোনয়ন দাখিল নকৰে বুলি অসম ক্ৰিকেট সন্থাক অৱগত কৰে।

ফলত সম্পাদকৰ পদৰ বাবে কেৱল ত্ৰিদিপ কোঁৱৰে ৰয়।

এনে পৰিস্থিতিত অসম ক্ৰিকেট সন্থাই ৩১ জিলা প্ৰতিনিধিৰ সৈতে শাৰীৰিক আৰু টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে সকলোৰে সন্মতি সাপেক্ষে অন্যান্য পদৰ বাবেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে আলোচনাৰেই বিষয়া বাচনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই অনুসৰি সন্থাৰ যুটীয়া সম্পাদকৰ পদৰ বাবে ৰজিন্দৰ সিং, কোষাধ্যক্ষ পদৰ বাবে চিৰঞ্জীৱ লাংথাছা, উপ-সভাপতি হিচাপে ৰাজদীপ ওজাৰ নাম চূড়ান্ত কৰা হয়।

ইয়াৰে ৰাজদীপ ওজা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ পুত্ৰ।

ইফালে এপেক্স কাউন্সিলৰ সদস্য হিচাপে মঙলদৈ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক অনুপম ডেকাৰ নাম চূড়ান্ত কৰা হয়।