অসমঅসমীয়া

বিদ্যুৎ মাচুল বৃদ্ধিৰ সপক্ষত শক্তিমন্ত্ৰী বিমল বৰা, ক’লে- ২ টকাৰ ঠাইত বঢ়োৱা হৈছে কেৱল ৫৯ পইচা

নিউজ ডেস্ক। বাঢ়িব লাগিছিল ২ টকা, বঢ়োৱা হৈছে ৫৯ পইচা!

বিদ্যুৎ মাচুল বৃদ্ধিৰ সপক্ষত এয়াই যুক্তি শক্তিমন্ত্ৰী বিমল বৰাৰ।

ৰাজ্যত ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হব বিদ্যুতৰ নতুন মাচুল। প্ৰতি ইউনিটত ৫৯ পইচা ভৰিব লাগিব ৰাজ্যবাসীয়ে।

পেট্ৰল-ডিজেল, গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সাধাৰণ জনতাৰ ওপৰত বিদ্যুতৰ অতিৰিক্ত মাচুলো জাপি দিছে চৰকাৰে।

G9 5

চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক লৈ ৰাজ্যজুৰি ক্ষোভৰ উদ্গীৰণ ঘটাৰ সময়তে এইবাৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সপক্ষত যুক্তি প্ৰদৰ্শন কৰিলে শক্তিমন্ত্ৰী বিমল বৰাই।

কোভিডৰ বাবেহে বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে বুলি মন্তব্য কৰি শক্তিমন্ত্ৰী গৰাকীয়ে কয় যে বিদ্যুৎ মাচুল ২ টকাকৈ বাঢ়িব লাগিছিল, কিন্তু তাৰ বিপৰীতে কেৱল ৫৯ পইচাহে বৃদ্ধি কৰা হৈছে।

শক্তিমন্ত্ৰী বিমল বৰাই লগতে কয় যে বিদ্যুৎ মাচুল বৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত প্ৰভাৱ নেপেলায়। চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক ৩০ ইউনিট পৰ্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰিছে বুলিও মন্তব্য কৰে বিমল বৰাই।

কিন্তু কোভিডে বিধ্বস্ত কৰা সাধাৰণ জনতাৰ ওপৰত কোভিডৰ দোহাই দিয়েই বিদ্যুৎ মাচুল বৃদ্ধি কৰাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *