বিদ্যুৎ মাচুল বৃদ্ধিক লৈ বিপাঙত উপভোক্তা, ৰাইজৰ সুবিধাৰ্থে হেল্পলাইন নম্বৰ মুকলি APDCLৰ…

বৰ্ধিত বিদ্যুৎ মাচুলক লৈ বিপাঙত পৰিছে ৰাজ্যৰ সাধাৰণ জনতা।

হঠাতে বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা বিষয়টো চৰ্চালৈ অহাৰ পাছতেই এতিয়া তৎপৰ হৈছে ৰাজ্য চৰকাৰ।

ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ।

1912 হেল্পলাইন নম্বৰত ফোন কৰি ৰাইজে সমস্যাৰ বিষয়ে কৰিব পাৰিব অৱগত।

লগতে 7575999666 নম্বৰত কৰিব পাৰিব ৱাটছএপ।

স্মাৰ্ট মিটাৰৰ বিসংগতি ধৰা পৰিলে তাৎক্ষণিকভাৱে সলনি কৰা হ’ব মিটাৰ।

APDCLৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগৰ আহ্বান শক্তি বিভাগৰ।