অসম

বিদ্যুত সংযোগ দিয়া বেৰত লাগি বনৰীয়া হাতীৰ মৃত্যু, দুৰ্বৃত্তই কাটি নিলে অংগ…

গোৱালপাৰাত বিদ্যুত সংযোগ দিয়া বেৰত লাগি কৰুণ মৃত্যু বনৰীয়া হাতীৰ।

গোৱালপাৰা জিলাৰ চান্তিপাৰাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, গোৱালপাৰা জিলাৰ চান্তিপাৰাত দুৰ্বৃত্তই স্থাপন কৰা বৈদ্যুতিক তাঁৰত লাগি বনৰীয়া হাতীটোৰ মৃত্যু হয়।

জানিব পৰা মতে হাতীটোৰ মৃত্যুৰ পাছতে দুৰ্বৃত্তই হাতীটোৰ শৰীৰৰ বিভিন্ন অংগ কাটি লৈ যায়।

বন বিভাগৰ দলে হাতীটোৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

বন বিভাগৰ দলৰ প্ৰাথমিক তদন্তত বিদ্যুত স্পৃষ্ট হৈয়ে হাতীটোৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে।

উল্লেখযোগ্যে যে, গোৱালপাৰা জিলাৰ চান্তিপাৰাত দীৰ্ঘদিনৰ পৰা হাতী আৰু মানুহৰ মাজত সংঘাত অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *