অসম

বিজেপি ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে…

বিজেপি ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে।

দলৰ মুখপাত্ৰ দিগন্ত কলিতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ।

বিপিএফৰ পৰা বিজেপিত যোগদান কৰিছিল প্ৰাক্তন বিধায়ক গৰাকীয়ে।

উল্লেখ্য যে, মুছাহাৰীয়ে উপ নিৰ্বাচনত তামুলপুৰৰ পৰা বিচাৰিছিল টিকট।

টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰিছিল উপ নিৰ্বাচনৰ বাবে।

কিন্তু শনিবাৰে ইমানুৱেল মুছাহাৰীয়ে নিৰ্বাচনৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত নাম প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে ইমানুৱেল মুছাহাৰীয়ে।

তাৰপাছতে ক্ষোভিত ইমানুৱেলে বিজেপিৰ পৰা পদত্যাগৰ সিদ্ধান্ত লয়।

মনোনয়ন প্ৰত্যাহাৰৰ বাবে ইমানুৱেল মুছাহাৰীক বিজেপিৰ ফালৰ পৰা কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে বিধায়ক দিগন্ত কলিতাই।

উল্লেখ্য যে মিত্ৰতা সূত্ৰে তামুলপুৰ সমষ্টিটো বিজেপিয়ে ইউ পি পি এলক এৰি দিয়া কাৰ্যত ক্ষুন্ন হৈয়ে ইমানুৱেল মুছাহাৰীয়ে নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *