বিএছএফৰ অভিযানত জব্দ বুজণ পৰিমাণৰ গাঞ্জা, দুজনক গ্ৰেপ্তাৰ…

বিএছএফৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।

কাছাৰত জব্দ হয় ৫৭০কেজি গাঞ্জা।

বিএছএফৰ মিজোৰাম-কাছাৰ ফ্ৰন্টিয়াৰৰ এক নম্বৰ বেটেলিয়ন আৰু শিলচৰৰ ডিআৰআই য়ে যুটীয়া অভিযান চলাই দিগৰখালৰ পৰা জব্দ কৰে গাঞ্জাখিনি ৷

TS08UA 4634 নম্বৰৰ ট্ৰাকৰ গোপন কক্ষত লুকুৱাই অনা অৱস্থাত জব্দ হয় গাঞ্জা ভৰ্তি ৬৫ টা পেকেট৷

৬৫ টা পেকেটত মুঠ ৫৭০ কিলোগ্ৰাম গাঞ্জা আছিল ৷

গাঞ্জাৰ সৈতে দুজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে বিএছএফ আৰু ডিআৰআই৷

ধৃত ব্যক্তি দুজন তেলেংগানাৰ পতিবন্দী শিব কুমাৰ আৰু কনেৰু শেখৰ৷

জব্দ কৰা গাঞ্জা খিনিৰ মূল্য ৮৫ লাখ ৫০ হাজাৰ টকা হব বুলি সদৰী কৰিছে বিএছএফে৷