অসমঅসমীয়া

বাৰিষাৰ সংহাৰী ৰূপ! ফাট বিহু চাই উভটি অহাৰ সময়তে বাঁহৰ দলংসহ উটি গ’ল কেইবাজনো লোক

নিউজ ডেস্কঃ বাৰিষাৰ বানে ৰাজ্যত ধাৰণ কৰিছে সংহাৰী ৰূপ। ইতিমধ্যে ৮ খন জিলাৰ কেইবা শতাধিক গাঁও বানৰ কবলত পৰিছে। বহু অঞ্চলত বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা। বাৰিষাৰ উফন্দি উঠা নৈৰ ৰুদ্ৰমূৰ্তিয়ে আতংকিত কৰিছে হাজাৰ হাজাৰ লোকক।

uti jai

বানৰ এনে সংহাৰী ৰূপৰ সময়তে ঢকুৱাখনাৰ নকপহুৱাত সংঘটিত হ’ল ভয়ংকৰ ঘটনা। ফাট বিহু চাই উভতি অহাৰ সময়তে নৈৰ প্ৰবল সোঁতত চাৰিকড়ীয়া নদীৰ বাঁহৰ দলংসহ উটি গ’ল কেইবাজনো লোক।

photo1652682986 1

এই ঘটনাৰ পিছতে তীব্ৰ আতংকৰ সৃষ্টি হয়। অৱশ্যে বাসিন্দা সকলে তৎপৰতাৰে নাৱেৰে নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নৈত উটি যোৱা লোক সকলক। যাৰ ফলত কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে।

photo1652682986 2

উল্লেখ্য যে, বানৰ কবলত পৰিছে লখিমপুৰৰ বহু অঞ্চল। ইফালে ডিমা হাচাওতো বানৰ সংহাৰী ৰূপ আৰু ভূমিস্খলনত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ।

photo1652682986 3

দলং, বাট-পথ, কালভাৰ্ট আদি উটি যোৱাৰ ফলত ডিমা হাচাওৰ বহু এলেকাত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইফালে ভূমি স্খলনৰ ফলত ইতিমধ্যে পিতৃ-কন্যাসহ ৪ জনৰ মৃত্যু ঘটিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *