বানসাহায্যৰ নামত ধন সংগ্ৰহ! আটক গাঁও বুঢ়া…

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ।

বানত ককবকাইছ ৰাজ্যৰ সাধাৰণ জনতা।

আপোন ঘৰখন এৰি শিবৰত ভোকে লঘোনে দিন কটাইছে সাধাৰণ জনতাই।

ইয়াৰ মাজতে বন্যাৰ্তক সাহাৰ্য প্ৰদানৰ নামত ধন সংগ্ৰহ কৰি আটক হ’ল এজন গাঁওবুঢ়া।

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ গাঁও বুঢ়া চফিৰুদ্দিন আহমেদক আটক।

বানসাহাৰ্যৰ আনিবলৈ যাতায়ত খৰচৰ নামত ধন লৈছিল বন্যাৰ্তৰ পৰা।

বুঢ়া আৰক্ষীয়ে আটক কৰিছে গাঁও বুঢ়া চফিৰুদ্দিন আহমেদক।

ভেৰুৱাদল, হূছেইনচুবুৰী আৰু বিহাইগাঁৱৰ গাঁওবুঢ়াৰ দায়ীত্ব আছিল চফিৰুদ্দিন আহমেদ।