বানত ক্ষতিগ্ৰস্ত ১৮ হাজাৰ পৰিয়ালে শীঘ্ৰেই লাভ কৰিব সাহায্যঃ মুখ্যমন্ত্ৰী…

সোমবাৰে হোজাইত বান পৰিস্থিতিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি হোজাইৰ ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে তেওঁ ৰাজ্যৰ বানত ক্ষতিগ্ৰস্ত ১৮ হাজাৰ পৰিয়ালে চৰকাৰী সাহায্য লাভ কৰিব বুলি সদৰি কৰে।

বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ৩,৮০০ টকাকৈ দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।

বানত সম্পূৰ্ণৰূপে বাসগৃহ ক্ষতি হোৱা লোকে লাভ কৰিব ৯৫ হাজাৰকৈ টকা।

হোজাইৰ ৰাইজে বিচৰাৰ দৰে নিৰ্মাণ হ’ব মথাউৰি।

৩৫ কিলোমিটাৰ দীঘল মথাউৰি নিৰ্মাণৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।

হোজাইত নিৰ্মাণ হ’ব ৬টাকৈ হাইলেণ্ড।

বানাক্ৰান্তৰ সুবিধাৰ বাবে এবছৰৰ ভিতৰত হাইলেণ্ড নিৰ্মাণৰ নিৰ্দেশ উপায়ুক্তক।