বাধা আঁতৰিল! মেঘালয়লৈ অসমৰ পঞ্জীয়নভূক্ত বাহন যোৱাৰ আনুমতি…

অৱশেষত বাধা আঁতৰিল।

এতিয়াৰে পৰা পুনৰ মেঘালয়লৈ যাব পাৰিব অসমৰ পঞ্জীয়নভূক্ত বাহন।

৬ দিন পাছত স্বাভাৱিক হৈছে অসম-মেঘালয় পৰিস্থিতিৰ।

তাৰ পিছতেই অসমৰ বাহনসমূহ মেঘালয়লৈ প্ৰৱেশৰ অনুমতি দিছে আৰক্ষীয়ে।

যোৰাবাটেদি অসমৰ পঞ্জীয়নভূক্ত বাহন সমূহ মেঘালয়ত প্ৰৱেশৰ অনুমতি দিছে।

বিগত ৬ দিনে আৰক্ষী প্ৰশাসনৰ লোক সকলে যোৰাবাটৰে অসমত পঞ্জীয়নভূক্ত বাহনক মেঘালয়লৈ যাবলৈ বাধা দিছিল।

কেৱল মেঘালয়ৰ পঞ্জীয়ন কৰা বাহন সমূহক হে মেঘালয়লৈ যাবলৈ অনুমতি দিছিল।

এতিয়া পৰিস্থিতি সাম কটাত পুনৰ মেঘালয়লৈ অসমৰ বাহন সমূহ যাবলৈ অনুমতি প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে।