বাজেট ২০২২-২৩ঃ গুৱাহাটীৰ চন্দ্ৰপুৰত ১২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব ষ্টেডিয়াম…

অসম বিধানসভাত ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ।

সকলোৰে আশীষ বিচাৰি বিধানসভাত বাজেট দাখিল।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ কলিৰে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ ভাষণ আৰম্ভ।

অজন্তা নেওগৰ মুখত- ‘তোৰে মোৰেআলোকৰে যাত্ৰা….’

ক’ভিড মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিশ্বৰ অৰ্থনীতি।

স্বাস্থ্যকৰ্মীৰ সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন অজন্তা নেওগৰ।

বাজেটত বিহালী অভিযান্ত্ৰীক কলেজলৈ ৫৪.৭১ কোটি টকা ধাৰ্য।

বাজেটত শুৱালকুছি অভিযান্ত্ৰীক কলেজলৈ ৫৪.৭১ কোটি টকা ধাৰ্য।

লগতে বঙাইগাঁও অভিযান্ত্ৰীক কলেজলৈ ৫৪.৭১ কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত।

২০৯খন উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে ৩ কোটিকৈ ধাৰ্য।

বাজেটত ৯ খন আদৰ্শ মহাবিদ্যালয়লৈ ২০৭.০৫ কোটি টকা ধাৰ্য।

কাছাৰৰ সোণাই, বৰপেটাৰ চেঙা, নগাঁৱৰ বটদ্ৰৱা, দৰঙৰ মঙলদৈ, ধুবুৰীৰ গোলকগঞ্জ, গোৱালপাৰাৰ জলেশ্বৰ, ধুবুৰীৰ বিলাসীপাৰা, হাইলকান্দি আৰু কৰিমগঞ্জ কলেজলৈ এই ধন।

লগতে যোৰহাট মহিলা বিশ্ববিদ্যালয়লৈ ২৫ কোটি টকা ধাৰ্য কৰা হয় বাজেটত।

লগতে ৬খন বিশ্ববিদ্যালয়লৈ ৩০০ কোটি টকাৰ সাহায্য ধাৰ্য কৰা হয় বাজেটত।

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ব বিদ্যালয়, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়ে লাভ কৰিব এই পুঁজি।

লগতে ৯খন মহিলা কলেজলৈ আগবঢ়োৱা হ’ব ২২৫ কোটি টকাৰ সাহাৰ্য।

বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়লৈ ৫৬৪.৪৩ কোটি টকা ধাৰ্য।

চৰাইদেউ চিকিৎসা মহাবিদ্যালয়লৈ ৫৫৭ কোটি টকা ধাৰ্য।

৪০টা ক্ৰীড়া প্ৰকল্পৰ বাবে ১২ কোটিকৈ মুঠ ৪৮০ কোটি টকা ব্যয় কৰিব চৰকাৰে।

লগতে ৫খন নতুন চিকিৎসা মহাবিদ্যালয়লৈ চৰকাৰে আগবঢ়াব ৫০০ কোটিকৈ পুঁজি।

সেই কেইখন হৈছ্- ধেমাজি চিকিৎসা মহাবিদ্যালয়, গোলাঘাট চিকিৎসা মহাবিদ্যালয়, বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়, তামুলপুৰ চিকিৎসা মহাবিদ্যালয় আৰু মৰিগাঁও চিকিৎসা মহাবিদ্যালয়।

লগতে গুৱাহাটীৰ চন্দ্ৰপুৰত ১২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব ষ্টেডিয়াম।

Leave a Comment