বাইকত PRESS, বেগত ড্ৰাগছ! আৰক্ষীৰ জালত ড্ৰাগছসহ সাংবাদিক…

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছসহ এগৰাকী সাংবাদিক।

তিনিচুকীয়া জিলাৰ লিডুত নিষিদ্ধ ড্ৰাগছসহ এটা সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ধৃত সাংবাদিকগৰাকীৰ নাম অভিজিৎ চাংমাই।

লগতে আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছ সৰহবৰাহৰ বাবে ব্যৱহাৰ কৰা সন্মুখত PRESS লিখা মটৰ চাইকেল।

চাংমাইৰ সৈতে আটক অপু দাস নামৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।

দুয়োজনৰ পৰা ১৫ গ্ৰাম ড্ৰাগছসহ ১৭ হাজাৰ নগদ ধন উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

ড্ৰাগছৰ বেহাৰ সৈতে এনেদৰে সাংবাদিক জড়িত হৈ পৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।