বাংলাদেশৰ অনিৰ্বাণৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল আলফা নেতা অনুপ চেতিয়াৰ দুহিতা…

বাংলাদেশী যুৱকলৈ কন্যাক বিয়া দিলে আলফা নেতা অনুপ চেতিয়াই।

বৰ্তমান অষ্ট্ৰেলিয়া নিবাসী এজন বাংলাদেশী যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল আলফা নেতা অনুপ চেতিয়াৰ দুহিতা।

সম্পূৰ্ণ পৰিয়ালৰ পৃষ্ঠপোষকতাত দুর্গা পূজাৰ আনন্দৰ মাজতে সম্পন্ন হয় বিবাহ।

আলফা নেতা হিচাপে বাংলাদেশত প্ৰায় ২৮ বছৰ আছিল অনুপ চেতিয়া। ইয়াৰে প্ৰায় বিশ বছৰৰো অধিক সময় তেওঁ বাংলাদেশৰ কাৰাগাৰতে বন্দিত্বৰ জীৱন কটাইছিল। সেই সময়ছোৱাত অনুপ চেতিয়াৰ পৰিয়াল আছিল বাংলাদেশতে।

বাংলাদেশৰ ধানমন্দিত স্কুলত পঢ়ি থকাৰ সময়তে আলফা নেতা অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱাৰ সৈতে পৰিচয় ঘটিছিল বাংলাদেশৰ কুমিল্লাৰ সন্তান অনিৰ্বাণ চৌধুৰীৰ।

বৰ্তমান বন্যা বৰুৱাৰ বয়স ২৭ বছৰ আৰু অনিৰ্বাণ চৌধুৰীৰ বয়স ৩০ বছৰ। অনির্বাণ বর্তমান অষ্ট্ৰেলিয়াৰ বাসিন্দা।

image 49
বাংলাদেশৰ অনিৰ্বাণৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল আলফা নেতা অনুপ চেতিয়াৰ দুহিতা... 4

ধানমন্দিৰ আন্তঃৰাষ্ট্ৰীয় স্কুলত পঢ়ি থাকোতেই আৰম্ভ হোৱা প্ৰেমৰ সম্পৰ্কই এইবাৰ পূজাৰ বতৰত স্বীকৃতি পালে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাইগাঁৱত।

পূজাৰ বতৰতে জেৰাইগাঁৱৰ পিতৃগৃহত অষ্ট্ৰেলিয়া নিবাসী বাংলাদেশৰ যুৱক অনিৰ্বাণ চৌধুৰীৰ সৈতে বিবাহপাশত বহিল অনুপ চেতিয়াৰ জীয়ৰী বন্যা বৰুৱা।

দৰা আৰু কইনাৰ মনৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই এই বিবাহত সন্মতি দিছে পৰিয়ালে। চেতিয়াৰ পৰিয়ালে বাংলাদেশৰ সকলো মানুহৰ পৰা নৱ-দম্পতীৰ বাবে আশীর্বাদো বিচাৰিছে।

image 55
বাংলাদেশৰ অনিৰ্বাণৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল আলফা নেতা অনুপ চেতিয়াৰ দুহিতা... 5

আলফা নেতা অনুপ চেতিয়াই কয়- ‘ঢাকাৰ স্কুলত পঢ়ি থাকোতেই অনির্বাণ আৰু বন্যাৰ পৰিচয় হৈছিল। তাৰ পিচত দুয়োৰে মাজত এক সম্পৰ্ক গঢ় লৈ উঠে। সেইবাবে এই বিয়াত আমি সন্মতি দিছো। মই সুদীৰ্ঘ আঠাইশ বছৰ বাংলাদেশত আশ্ৰয় লৈ আছিলো। বাংলাদেশৰ মানুহৰ অতিথিপৰায়ণতা, মৰম ম‍ই নিজে পাইছো। সেইবাবে বাংলাদেশৰ মানুহৰ প্ৰতি মোৰ দুৰ্বলতা আছে। সেয়াও মই এই বিয়াত সন্মতি দিয়াৰ এটা কাৰণ।’

image 50
বাংলাদেশৰ অনিৰ্বাণৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল আলফা নেতা অনুপ চেতিয়াৰ দুহিতা... 6

অনুপ চেতিয়াই লগতে কয়- ‘বাংলাদেশত আগতে যেতিয়া আছিলো, তেতিয়া পুলিচ নিৰাপত্তাৰক্ষীৰ পৰা লুকাই-চুৰকৈ গোপনে আশ্ৰয় লৈ আছিলো। অধিকাংশ সময় কাৰাগাৰত বন্দী জীবনেই কটালো। এইবাৰ আইনসম্মতভাৱে বাংলাদেশলৈ যোৱাৰ ইচ্ছা আছে। কিন্তু আমি এতিয়া বাংলাদেশলৈ গ’লে সেয়া ভাৰত বা বাংলাদেশ চৰকাৰে ভালধৰণেৰে গ্ৰহণ নকৰিব। পৰিস্থিতি সলনি হ’লে এবাৰ যোৱাৰ ইচ্ছা আছে। বাংলাদেশত মোৰ বহুত বন্ধু আছে, যাক লগ পাবলৈ অত্যন্ত হেঁপাহ আছে।’

উল্লেখ্য যে, বৰ্তমান অনুপ চেতিয়া আলফাৰ আলোচনাপন্থী গোটৰ নেতা হিচাপে চৰকাৰৰ সৈতে শান্তি আলোচনাৰ উদ্যোগ লৈ আছে।