বাংলাদেশলৈ ৰপ্তানি কৰাৰ সময়তে আৰক্ষীৰ অভিযানত জব্দ ম’হ ভৰ্তি ট্ৰাক…

সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযান।

অভিযানত জব্দ ম’হ ভৰ্তি ট্ৰাক।

বাংলাদেশলৈ ৰপ্তানি কৰাৰ সময়ত কাছাৰ জিলাৰ কাটিগৰাত পুনৰ ২৪টা ম’হ জব্দ কৰে আৰক্ষী আৰু বিএছএফে৷

এমএল ১১- ৮৫৭২ নম্বৰৰ ১৬ চকীয়া ট্ৰাকখনৰ পৰা জব্দ কৰা হয় ম’হ কেইটা৷ ম’হৰ সৈতে জব্দ কৰা হয় ট্ৰাকখনো৷

কাটিগৰা আৰক্ষী, সীমান্ত আৰক্ষী আৰু বিএছএফৰ যুটীয়া অভিযানত জব্দ হোৱা ম’হ কেইটা বাংলাদেশলৈ সৰবৰাহ কৰাৰ কথা আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

সম্প্ৰতি জব্দকৰা ম’হ কেইটা জগদীশপুৰৰ এটি খোৱাৰত ৰখা হৈছে বুলি জানিবলৈ দিয়ে কাটিগৰা আৰক্ষী বিষয়াই।

উল্লেখ্য যে ইয়াকে লৈ যোৱা কেইদিনমানৰ ভিতৰত বাংলাদেশ সীমান্তবৰ্তী কাটিগৰাত মুঠ ৮০টা ম’হ বাংলাদেশলৈ চোৰাং ভাবে সৰবৰাহ কৰাৰ সময়ত জব্দ কৰিছিল বিএছএফ আৰু আৰক্ষীয়ে।

Leave a Comment