অসম

বাংলাদেশলৈ চালান দিয়াৰ পথত জব্দ PDS ৰ চাউল কঢ়িওৱা নাও

নিউজ ডেস্ক। অসম মাজেৰে বাংলাদেশলৈ সৰবৰাহ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল।

বৰপেটা জিলাৰ বহৰিৰ পৰা বাংলাদেশলৈ চালান দিয়াৰ পথত ৰাইজে জব্দ কৰিলে চোৰাং চাউল ভৰ্তি নাও।

জানিব পৰামতে, বহৰিৰ পৰা বাংলাদেশলৈ লৈ গৈ আছিল সুলভ মূল্যৰ চাউল আৰু বহৰিৰ ব্ৰহ্মপুত্ৰৰ বুকুৰে লৈ যোৱা চাউলসহ নাওখন ৰাইজে জব্দ কৰিবলৈ সক্ষম হয়।

উক্ত ঘটনা সন্দৰ্ভত ৰাইজে আৰক্ষীক অবগত কৰাৰ পিছত বৰপেটা আৰক্ষী আহি তিনিগৰাকী লোকক আটক কৰা জানিব পৰা গৈছে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বুকুৰে বহৰিৰ পৰা বাংলাদেশলৈ চোৰাং চাউলৰ ব্যৱসায় চলি থকাৰ বতৰি ইতিমধ্যে সংবাদ মাধ্যমৰ শিৰনাম দখল কৰি থকা পিছত উন্মোচিত এই ঘটনাই পুনৰ ৰাজ্যত বগা চাউলৰ ক’লা ব্যৱসায় চলি আছে তাকে প্ৰমাণিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *