অসম

বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ মূলসুঁতিলৈ উভতিল DNLA-ৰ ৬৫ জন কেডাৰ…

পুনৰ মূলসুঁতিলৈ উভতিল DNLA-ৰ ৬৫ জন কেডাৰ।

ধনশিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত আত্মসমৰ্পণ কৰে কেডাৰসকলে।

উগ্ৰপন্থী সদস্যসকলে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জমা দিয়াৰ লগতে চৰকাৰৰ শান্তি প্ৰচেষ্টাৰ শলাগ লয়।

ইয়াৰ পূৰ্বে নৱেম্বৰ মাহতো সংগঠনটোৰ ৪৬ গৰাকী কেডাৰে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ উভতিছিল।

চৰকাৰৰ সৈতে শান্তি আলোচনা কৰিবলৈ ২৪ ছেপ্টেম্বৰত সংগঠনটোৰ অধ্যক্ষ এডিকা দিফুচা ওৰফে খাৰমিন্দাও ডিমাচা, তেওঁৰ ডেপুটি জুডিচান হাফলংবাৰ ওৰফে আমেৰিকা ডিমাচা আৰু সাধাৰণ সম্পাদক প্ৰীতমজিৎ জিদংচা ওৰফে গালাও ডিমাচা আগবাঢ়ি আহিছিল।

মূলতঃ ডিমা হাচাওত সক্ৰিয় এই সংগঠনটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শান্তি আলোচনাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই ৭ ছেপ্তেম্বৰত তিনিমাহৰ একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *