বহাগ বিহুৰ পূৰ্বে মুকলি হ’ব মালিগাঁৱৰ উৰণীয়া সেতু, নিৰ্মাণ হ’ব আৰু কেইবাখনো উৰণীয়া সেতুঃ মুখ্যমন্ত্ৰী

শুকুৰবাৰে গুৱাহাটীস্থিত আৰ্য নগৰৰ উৰণীয়া সেতু উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি শৰ্মাই কয় যে, এই বছৰ ব’হাগ বিহুৰ পূৰ্বে মালিগাঁও উৰণীয়া সেঁতু মুকলি কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। বিহুত নহ’লেও ২০২৩ চনৰ দুৰ্গা পূজাত মুকলি হোৱাটো নিশ্চিত।

অন্যহাতে জু-ৰোডৰ উৰণীয়া সেতুখনো ২০২৪ৰ ব’হাগ বিহুৰ পূৰ্বে মুকলি কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

তেওঁ গুৱাহাটীত নিৰ্মাণ হবলগীয়া আন উৰণীয়া সেতু সন্দৰ্ভত থকা পৰিকল্পনা সম্পৰ্কে কয় যে, সন্দিকৈ কলেজৰ পৰা বামুণীমৈদামলৈকে ৬ কিলোমিটাৰ উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব। মালিগাঁও, জু-ৰোডৰ উৰণীয়া সেতুৰ কাম শেষ হ’লেই এই কাম আৰম্ভ হ’ব।

চাইকেল ফেক্টৰীৰ সন্মুখতো এখন উৰণীয়া সেতু হ’ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

অন্যহাতে কয় যে গুৱাহাটী-উত্তৰ গুৱাহাটী দলং অহা এক-ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ কয়- ২০২৩ চনৰ আগভাগত পলাশবাৰী–শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ নতুন দলং নিৰ্মাণ কাম আৰম্ভ হ’ব। বাইহাটাৰ পৰা কুৰুৱা হৈ এক ৰিং ৰোডৰ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। খানাপাৰাৰ পৰা বিমানবন্দৰলৈ এক ৰোপৱে নিৰ্মাণ লক্ষ্য চৰকাৰৰ।

আনহাতে, ২০২৪ চনৰ ভিতৰত দুখন পানী যোগান আঁচনি আৰম্ভ হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ কাম তৰিৎ গতিত চলি আছে। ২০২৪ চনত সম্পন্ন হ’ব কাম। পদুম পুখুৰীৰ কাম দ্ৰুতগতিত চলি আছে। এই বছৰতে ফাঁচিবজাৰ বটানিকেল পাৰ্ক মুকলি হ’ব। চান্দমাৰিৰ জলসিঞ্চন, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ স্থানত পাৰ্ক নিৰ্মাণ হ’ব। মহানগৰীক নতুন দিগন্তলৈ নিয়াৰ পৰিকল্পনা চলি আছে। দক্ষিণ এচিয়াৰ হাব গঢ়াৰ লক্ষ্য লোৱা হৈছে।