বন বিভাগৰ অভিযানত জব্দ চালানবিহীন ৮ খনকৈ ডাম্পাৰ।
গোৱালপাৰাৰ বনাঞ্চলিক বিষয়া জগন্নাথ আগৰৱালাই অভিযান চলাই জব্দ কৰে ডাম্পাৰ কেইখন।
নিশা ১৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাকৰিৰ পৰা চালানবিহীনভাৱে কোৱেৰী ডাষ্ট কঢ়িওৱা ৮খন ডাম্পাৰ জব্দ কৰে।
চিৰাঙৰ পৰা ধূপধৰা অভিমুখী এ এছ ১৭ চি ৩০১৭, এ এছ ১২ বি চি ক্রমে ৪১৮২, ৪১৮৩ আৰু ৪১৮৭, এ এছ ০১ এম চি ক্রমে 2960, 2963,296৪ আৰু ২৯৬৫ নম্বৰৰ ডাম্পাৰ কেইখন জব্দ কৰে।
পিছত জব্দকৃত ডাম্পাৰ কেইখন গোৱালপাৰা বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়লৈ অনা হয়।









