বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩ চোৰাং চিকাৰী, জব্দ মৃত হৰিণা পহুসহ জাল-জোং…

বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩ দুৰ্ধৰ্ষ চোৰাং চিকাৰী।

ৰায়মনাত গ্ৰেপ্তাৰ ৩ চোৰাং চিকাৰী।

কোকৰাঝাৰ জিলাৰ গোসাঁই গাঁও মহকুমাৰ ভূটান সীমান্ত এলেকাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্রাণী চিকাৰ কৰি থকা অৱস্থাতে বন সুৰক্ষা বাহিনীয়ে তিনিজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে চোৰাং চিকাৰীৰ পৰা এটি মৃত হৰিণা পহুসহ চিকাৰীয়ে ব্যৱহাৰ কৰা ৭খন জাল আৰু জোং জব্দ কৰিছে।

কচুগাঁও বনাঞ্চলৰ ছয় নম্বৰ ৰাইটত চোৰাং চিকাৰীৰ এটা বৃহৎ দলে বন্যপ্রাণী চিকাৰ কৰি থকা অৱস্থাত বন বিভাগে অভিযান চলাই তিনিজনক আটক কৰিবলৈ সক্ষম হয়।

ধৃত তিনিজন হৈছে- কুসুমবিল গাঁৱৰ বাসিন্দা জীৱন টুডু, গুনুবি সৰেণ আৰু বল্লমঝোৰা গাঁৱৰ ইথোয়া বেক।

ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ এটি বৃহৎ দলে প্ৰৱেশ কৰা বুলি পোৱা গোপন তথ্যৰ ভিত্তিত বন অভিযান চলাই তিনিজন চোৰাং চিকাৰীক আটক কৰে যদিও বাকীসকলে পলাই যাবলৈ সক্ষম হয়।

সম্প্রতি পলাতক চোৰাং চিকাৰীসকলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত আছে।