বন বিভাগৰ অভিযানত আটক বনৰীয়া পক্ষী নিধন যজ্ঞত জড়িত এজন চোৰাং ব্যৱসায়ী।
মৰিগাঁও বন বিভাগে গ্ৰেপ্তাৰ কৰা চোৰাং ব্যৱসায়ী জন হৈছে লাহৰীঘাট থানাৰ অন্তৰ্গত নগাবন্ধাৰ হজৰত আলি।
মৰিগাঁও বনাঞ্চলিক বিষয়া ৰবীন বৈশ্যই জানিবলৈ দিয়া মতে নগাবন্ধা অঞ্চলৰ বৰবৰী বিলকে ধৰি স্থানীয় এলেকা সমূহত থকা জলাশয় সমূহত হজৰত আলিকে ধৰি এক দুষ্ট চক্ৰই বনৰীয়া পক্ষীৰ নিধন যজ্ঞ চলাই থকা অভিযোগ স্থানীয় লোকে মৰিগাঁও বন বিভাগক অৱগত কৰিছিল।

উক্ত অভিযোগৰ ভিত্তিত মৰিগাঁও বন বিভাগে কেইবাদিনো অভিযান চলাই হজৰত আলিক ধৰিবলৈ সক্ষম নোহোৱাত স্থানীয় গাঁওবুঢ়াকে আদি কৰি বিভিন্ন লোকৰ জড়িয়তে হজৰত আলিৰ ওপৰত চাপ সৃষ্টি কৰে।
ইয়াৰ পিছতেই মৰিগাঁও বন বিভাগৰ কাৰ্যালয়লৈ আহি হজৰতে নিজে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।
পিছত মৰিগাঁও বন বিভাগে বন্যপ্ৰাণী সংৰক্ষণ ১৯৭২ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে হজৰত আলিক।









