বনৰীয়া ম’হৰ আতংক! ম’হৰ আক্ৰমণত এজনৰ মৃত্যু

নিউজ ডেস্ক। ৰাজ্যত বিভিন্ন অঞ্চলত জটিল ৰূপ লৈছে বন্যজন্তু-মানুহৰ সংঘাত।

এইবাৰ নগাঁৱৰ বামুণীত এটা বনৰীয়া ম’হৰ আক্ৰমণত মৃত্যু ঘটিল এজন লােকৰ।

বনৰীয়া ম’হটোৱে বামুণীৰ মুৰ্গীলাইত এজন লোকক পথাৰত কাম কৰি থকা অৱস্থাত আক্ৰমণ কৰে।

বংশী মুড়া নামৰ লোকজনক ম’হটোৱে আক্রমণ কৰাত স্থানীয় ৰাইজে লোকজনক সংকটজনক অৱস্থাত নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও তাতেই তেওঁৰ মৃত্যু ঘটে।

ইপিনে, এই ঘটনাৰ পাছত ৰাইজে নগাঁও সদৰ আঞ্চলিক বন বিষয়া কার্যালয় আৰু কঠীয়াতলি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মীৰ অকর্মণ্যতাৰ বাবেই ঘটন সংঘটিত হোৱাৰ অভিযোগ কৰি পৰিস্থিতি উত্তাল কৰি তোলে।

পাছত পুৰণিগুদাম আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Leave a Comment