বটদ্ৰবা থানা আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৭৯ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল আৰক্ষীৰ….

বটদ্ৰবা আৰক্ষী থানা আক্ৰমণ আৰু অগ্নিসংযোগ কৰা ঘটনাৰ সৰ্ন্দভত নগাঁও আৰক্ষীয়ে শনিবাৰে চাৰ্জশ্বীট দাখিল কৰিছে।

আৰক্ষীয়ে আদালতত দাখিল কৰে ৭৯ পৃষ্ঠাৰ চাৰ্জশ্বীট।

নগাঁও আৰক্ষী অধীক্ষক লীনা দলেয়ে এক সংবাদমেল সম্বোধন কৰি চাৰ্জশ্বীট দাখিলৰ কথা সদৰি কৰিছে।

থানা জ্বলোৱাৰ অভিযুক্ত হিচাপে ২৩ জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে।

আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে, ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১৩ জন এতিয়াও পলাতক অৱস্থাত আছে।

আৰক্ষী অধীক্ষক দলেই কয়, ‘আমি ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আবেদন কৰিছো। ঘটনাটোৰ সৈতে জড়িত অভিযুক্তৰ জেহাদীৰে কিবা সম্পৰ্ক আছে নেকি সেই সন্দৰ্ভতো তদন্ত অব্যাহত আছে। গ্ৰেপ্তাৰ কৰা একাংশ লোকৰ বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ সৈতে সম্পৰ্ক আছে’।

আৰক্ষীয়ে তদন্তৰ প্ৰক্ৰিয়া ৯০ দিনৰ ভিতৰত সমাপ্ত কৰি চাৰ্জশ্বীট দাখিল কৰাৰ কথা আছিল যদিও ক্ষীপ্ৰতাৰে তদন্ত সামৰি তদন্তকাৰী বিষয়াই আঢ়ৈমাহতে চাৰ্জশ্বীট দাখিল কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰে।

সংবাদমেলখনত আৰক্ষী অধীক্ষকে স্পষ্ট কৰে যে, মালখানাত অগ্নিসংযোগ কৰাৰ ফলত ধ্বংশ হোৱা চৰকাৰী মাৰানাস্ত্ৰ সমূহৰ সম্পূৰ্ণ তথ্য পোৱা গৈছে ৷ কিন্তু বিভিন্ন কাৰনত আৰক্ষী থানাত জমা ৰখা ব্যক্তিগত লোকৰ মাৰানাস্ত্ৰৰ তথ্য সম্পূৰ্ণ ৰূপে উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ থানাৰ সকলো নথি পত্ৰ জ্বলাই দিয়াৰ বাবে তথ্যসমূহ উদ্ধাৰ কৰাত সমস্যা হৈছে।