বগামাটিত অঘটন! সাঁতুৰিবলৈ গৈ নৈত উটি গ’ল প্রাক্তন সৈনিক

নিউজ ডেস্ক। তামুলপুৰ জিলাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত পৰ্যটনথলী বগামাটিত শনিবাৰে বিয়লি সংঘটিত হয় এক শােকাৱহ ঘটনা।

ভূটান পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা বৰনদী সাঁতুৰি পাৰ হ’বলৈ যাওঁতে নৈৰ কোবাল সোঁতে উটুৱাই নিয়ে এজন লোকক।

লোকজন তামুলপুৰ জিলাৰ মহৰীপাৰা নিবাসী প্রাক্তন সৈনিক থানেশ্বৰ বড়ো (৪০)।

G1 13
বগামাটিত অঘটন! সাঁতুৰিবলৈ গৈ নৈত উটি গ'ল প্রাক্তন সৈনিক 2

জানিব পৰামতে, থানেশ্বৰ বড়োৱে আবেলি কেইগৰাকীমান বন্ধুৰ সৈতে ভাৰত-ভূটান সীমান্তৰ পর্যটনথলী বগামাটিলৈ ফুৰিবলৈ গৈছিল।

ফুৰিবলৈ গৈ আন দুগৰাকী বন্ধুৰ লগত তেওঁ খৰস্ৰোতা নৈখন সাঁতুৰি পাৰ হ’বলৈ চেষ্টা কৰিছিল।

দুয়োগৰাকী বন্ধুৱে নৈখন সাঁতুৰি পাৰ হৈছিল যদিও থানেশ্বৰক নৈৰ সোঁতে উটুৱাই লৈ যায়।

বাতৰি লিখা পৰলৈকে থানেশ্বৰ সন্ধানহীন হৈ আছে।

এই খবৰ লাভ কৰি নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মইদুল ইছলামৰ নেতৃত্বত আৰক্ষীৰ এটা দল আৰু সুৱাগপুৰ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ লোকজনক বিচাৰি অভিযান চলাইছে।

এছ ডি আৰু এফৰ দল এটাই লোকজনক বিচাৰি অভিযান চলাইছে।