অসম

ফেচবুকীয়া প্ৰেম! তিনি সন্তানৰ মাতৃ পলাই গ’ল ১৭ বছৰীয়া নাবালক প্ৰেমিকলৈ…

প্ৰেমে নামানে কোনো বাধা, নামানে কোনো বয়সৰ সীমনা। এই কথাকেই যেন প্ৰতীয়মান কৰিছে হাজোত সংঘটিত এটা প্ৰেমৰ ঘটনাই ।

হাজোৰ সাতদলাৰ এগৰাকী ৩ সন্তানৰ মাতৃ ফেচবুকৰ জড়িয়তে এজন ১৭ বছৰীয়া নাবালকৰ প্ৰেমত পৰে।

প্ৰথমে মেছেজ, তাৰ পাছত ফোনকল আৰু ভিডিঅ কলৰ যোগেদি তেওঁলোকৰ সম্পৰ্ক ঘনিষ্ঠ হৈ পৰে।

অৱশেষত এই ফেচবুকীয়া প্ৰেমত মতলীয়া হৈ মহিলাগৰাকী নাবালক যুৱকজনলৈ পলাই যাবলৈ ঠিক কৰে।

সেই অনুসৰি মহিলা গৰাকী নিজৰ স্বামী আৰু সন্তানক এৰি মৰিগাঁৱৰ প্ৰেমিকৰ ঘৰলৈ ঢাপলি মেলে।

পিছে প্ৰেমিকাক দেখি প্ৰেমিক অবাক, যুৱতী বুলি ভাবি ইমান দিনে প্ৰেম চলাই অহা প্ৰেমিকা গৰাকী ওলালগৈ বিবাহিতা মহিলা, তাকো ৫৫ বছৰীয়া ৩টাকৈ সন্তানৰ মাতৃ।

ইফালে এই আদহীয়া মহিলা গৰাকীৰ কাণ্ডত মহিলা গৰাকীৰ ঘৰত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়।

মহিলাগৰাকীৰ পুত্ৰ সহ স্বামীয়ে হাজো আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিত হাজো আৰক্ষীয়ে নাতি পুতিৰ মুখ দেখা এই আদবয়সীয়া মহিলাগৰাকীক নাবালক প্ৰেমিক সহ মৰিগাঁৱৰ প্ৰেমিকৰ গৃহৰ পৰা উদ্ধাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *