পৰ পুৰুষৰ সৈতে পত্নী পলাই যােৱাৰ সন্দেহতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা…

এক চাঞ্চল্যকৰ ঘটনা।

সন্তানক বিহ পান কৰোৱাই পিতৃয়ে নিজেও শেষ কৰিলে জীৱন।

নলবাৰী জিলাৰ বৰভাগৰ অতি ভিতৰুৱা ঠাই দোকোহাত সংঘটিত হৈছে এই শোকাবহ ঘটনা।

পত্নীয়ে স্বামীৰ লগতে কণ কণ দুই পুত্ৰ সন্তানক এৰি পৰপুৰুষৰ লগত পলাই যোৱাৰ সন্দেহতে এই কঠোৰ সিদ্ধান্ত ললে দিন হাজিৰা কৰি ঘৰ চলাই থকা লোক জনে।

670
পৰ পুৰুষৰ সৈতে পত্নী পলাই যােৱাৰ সন্দেহতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা... 4

বৃহস্পতিবাৰেএই ঘটনা সংঘটিত কৰে দ্বিপুল শইকীয়াই।

দ্বিপুল শইকীয়াই পত্নীয়ে পৰপুৰুষৰ লগত পলাই যোৱা সন্দৰ্ভত বুধবাৰে কামাৰকুছি আৰক্ষী চকীত এক গোচৰ দাখিল কৰিছিল।

কিন্তু আৰক্ষীয়ে গোচৰ লাভৰ পাছতো এই ঘটনাক লৈ কোনো গুৰুত্ব নিদি অবহেলা কৰাৰ বাবেই হতাশগ্ৰস্ত হৈ এই কঠোৰ সিদ্ধান্ত ললে দ্বিপুল শইকীয়াই।

photo 2022 08 18 19 45 10
পৰ পুৰুষৰ সৈতে পত্নী পলাই যােৱাৰ সন্দেহতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা... 5

পিতৃ দ্বিপুল শইকীয়াই দুই কনমানি পুত্ৰ সন্তানক বিষ দি নিজেও বিষ পান কৰে।

দুই পুত্ৰ মানৱজ্যোতি (১৩) আৰু ভাৰ্গৱজোতি (৭) সম্প্ৰতি সংকট জনক অবস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে।

আনহাতে চিকিৎসাধীন অৱস্থাতে মৃ্ত্যু হয় দ্বিপুল শইকীয়াৰ।

লগতে চাওকঃ

ভুৱা আৰক্ষী নহয়, ভুৱা থানা উৎখাত আৰক্ষীৰ! ৮ মাহ ধৰি চলি থকা ভুৱা থানাৰ নকল আৰক্ষী বিষয়া, নকল কনিষ্টবলক গ্ৰেপ্তাৰ

G1 5
পৰ পুৰুষৰ সৈতে পত্নী পলাই যােৱাৰ সন্দেহতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা... 6