পৰিয়ালৰ সন্মুখতে গৰ্ভৱতী মহিলা আৰক্ষী বিষয়াক গুলীয়াই হত্যা তালিবানৰ…

আফগান নাগৰিকৰ ওপৰত অব্যাহত আছে তালিবানৰ বৰ্বৰতা।

স্বামী আৰু সন্তাানৰ সমুখতেই গুলিৰে থকা সৰকা কৰিলে এগৰাকী গৰ্ভৱতী মহিলা আফগান আৰক্ষীৰ বিষয়াক।

মহিলা আৰক্ষী বিষয়াগৰাকী ৬ মাহৰ অন্তঃসত্বা আছিল।

নিহত মহিলা আৰক্ষী বিষয়াগৰাকী বানু নিগাৰ।

এক আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিক বাতৰি অনুসৰি চেণ্ট্ৰেল ঘোৰ প্ৰদেশৰ ৰাজধানী ফিৰোজকোহত নিজ ঘৰতে তালিবানী যোদ্ধাই গুলীয়াই হত্যা কৰে নিগাৰক৷

কেৱল গুলিয়াইয়ে শান্তি নাপায় তালিবানে, মৃত্যুৰ পিছত বানু নেগৰৰ চেহেৰাও স্ক্ৰু ড্ৰাইভাৰেৰে নষ্ট কৰি দিয়ে।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, তিনিজনীয়া দুৰ্বৃত্তই প্ৰথমে ঘৰত প্ৰৱেশ কৰি পৰিয়ালৰ সমুখতেই ৬ মাহৰ গৰ্ভৱতী মহিলাগৰাকীক মাৰপিট কৰে, তাৰ পিছত গুলিয়াই। আৰু শেষত চেহেৰাও নষ্ট কৰি দিয়ে।

জানিব পৰা মতে, বৰ্তমানে তালিবানে ঘৰে ঘৰে গৈ পূৰ্ব চৰকাৰী চাকৰিয়াল, সৈন্য , আৰক্ষী বিষয়া সকলক বিচাৰে আছে। সেই অনুসৰিয়েই শনিবাৰেও নিশা প্ৰায় ১০ মান বজাত মহিলা আৰক্ষী বিষয়াগৰাকীৰ ঘৰত উপস্থিত অতি নিৰ্দয়তাৰে গুলিয়াই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

নিগাৰৰ হত্যাৰ সৈতে তালিবান জড়িত বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিলেও তালিবানে এই কথা সম্পূৰ্ণৰূপে নাকচ কৰিছে৷ তালিবানে এই ঘটনাৰ তদন্তও কৰিব বুলি প্ৰতিশ্ৰুতি দিছে।

তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে কয়, ‘আমি ঘটনাটোৰ বিষয়ে জানিব পাৰিছো ৷ আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে এই ঘটনাৰ সৈতে তালিবান জড়িত নহয়৷ এই ঘটনাৰ তদন্ত চলাই থকা হৈছে।’

তেওঁ লগতে কয় যে, তালিবানে পূৰ্বৰ প্ৰশাসনৰ সৈতে কাম কৰা লোকসকলক ক্ষমা কৰি দিছে৷ এই ঘটনা কোনো ব্যক্তগত শত্ৰুতাৰ ফল অথবা অন্য কিবা।

Leave a Comment